June 25, 2024 8:31 PM June 25, 2024 8:31 PM
7
অবৈধ ধনৰ লেন-দেনৰ গোচৰত কেজৰিৱালক বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অবৈধ ধনৰ লেন-দেনৰ এটা গোচৰত বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ে আজি স্থগিতাদেশ জাৰি কৰিছে। ন্যায়াধীশ সুধীৰ কুমাৰ জৈনৰ এখন অৱকাশকালীন বিচাৰপীঠে, বিচাৰ আদালতে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰি দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ বিধি বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা এখন আবেদনৰ প্ৰত্যুত্তৰত এই নিৰ্দেশ জাৰি কৰে। উচ্চ ন্যায়ালয়ে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগসমূহ সমৰ্থন কৰাৰ লগতে বিচাৰ আদালতে তদন্তকাৰী সংস্থাটোৰ কথাক গুৰুত্ব দিয়া নাছিল বুলি কয়। ইয়...