April 8, 2025 12:27 PM April 8, 2025 12:27 PM
9
দুদিনীয়া ভ্ৰমণসূচীৰে সপৰিয়ালে কাজিৰঙাত উপস্থিত শচীন টেণ্ডুলকাৰ
দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত উপস্থিত হোৱা কিম্বদন্তী ক্রিকেটাৰ শচীন টেণ্ডুলকাৰে আজি পুৱা হাতী আৰু জীপ ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হোৱাৰ সময়ত অনুৰাগীয়ে তেওঁক সাক্ষাৎ কৰাৰ বাবে ভিৰ কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে শচীন টেণ্ডুলকাৰে কালি সপৰিয়ালে কঁহৰাত উপস্থিত হৈছিল। কঁহৰাৰ এটা ব্যক্তিগত পৰ্যটন নিবাসত খেলুৱৈগৰাকী পৰিয়ালৰ লোকসকলৰ সৈতে উপস্থিত হোৱাৰ লগে লগে নিবাস কৰ্তৃপক্ষই ঢোলে-ডগৰে, গীতে-মাতে ক্ৰিকেটাৰগৰাকীক আদৰণি জনায়...