April 8, 2025 8:58 PM April 8, 2025 8:58 PM
5
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন পৰিয়ালসহ প্রাক্তন ক্রিকেট তাৰকা শচীন তেণ্ডুলকাৰৰ
প্রাক্তন ক্রিকেট তাৰকা শচীন তেণ্ডুলকাৰে পত্নী অঞ্জলি আৰু কন্যা ছাৰাৰ সৈতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পৰিয়ালসহ কাজিৰঙালৈ অহা কিংবদন্তী খেলুৱৈগৰাকীয়ে আজি পুৱা বাগৰি বনাঞ্চলত জীপ ছাফাৰিৰ আনন্দ লয়। বাগৰি বনাঞ্চল পৰিদৰ্শন কৰি কাজিৰঙাৰ সৌন্দৰ্যত অভিভূত হোৱা বুলি তেণ্ডুলকাৰে প্ৰকাশ কৰে। জীপ ছাফাৰিৰে বন্যপ্ৰাণী আৰু বাগৰিৰ প্ৰাকৃতিক সৌন্দর্য উপভোগ কৰাৰ সময়ত শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পৰিয়ালক কাজিৰঙাৰ বন বিষয়া অৰুণ ভিগনেছে সংগ দিয়ে। জীপ ছাফাৰিলৈ যোৱাৰ পূৰ্বে পুৱা ...