June 17, 2024 6:46 PM

views 33

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক’হৰাত প্ৰস্তাৱিত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক'হৰাত প্ৰস্তাৱিত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা মতে প্রায় ২০ বিঘা মাটিত নিৰ্মাণ কৰা এই উদ্যানখনত অসমৰ বনাঞ্চলসমূহত থকা অৰ্কিড সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ২০২০ চনৰ ১৬ জুলাইত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উদ্যানখনৰ আধাৰশিলা স্থাপন কৰিছিল। কৃষি আৰু উদ্যান শস্য বিভাগৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া এই উদ্যানখনৰ বাবে প্ৰায় ১৮ কোটি টকা ধাৰ্য কৰা হৈছে। প্ৰাৰম্ভিক অৱস্থাত...