September 25, 2025 10:27 PM

views 49

কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কাইলৈ পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হ'ব। দুৱাৰ মুকলি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থকাৰ কথা। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই দুৰ্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠি...

September 25, 2025 12:28 PM

views 23

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্প কাইলৈৰ পৰা দৰ্শকৰ বাবে মুকলি হ’ব

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্প কাইলৈৰ পৰা দৰ্শকৰ বাবে মুকলি কৰা হ'ব। দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ ৰাষ্ট্ৰীয় উদ্যানখনত বাগৰি সংমণ্ডলৰ সীমিত পর্যটন পথহে দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কেন্দ্ৰীয় বন সংমণ্ডল কঁহৰা অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহত আৰু হাতী ছাফাৰী এক নৱেম্বৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনাৰ কথা  মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে, ৰাজ্যৰ অন্য এখন বিশ...

July 4, 2025 12:50 PM

views 25

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় ৰাং কুকুৰৰ সন্ধান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় ৰাং কুকুৰৰ সন্ধান পোৱা গৈছে। কাৰ্বি আংলঙৰ আমগুৰি এনিমেল কৰিৰ্ডৰত স্থাপন কৰা কেমেৰাত ৰাং কুকুৰৰ বিচৰণৰ দৃশ্য বন্দী হৈছে। বিগত প্রায় তিনি বছৰে কাজিৰঙাত ৰাং কুকুৰৰ উপস্থিতিৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষা-নীৰিক্ষা চলাই থকাৰ অন্তত উদ্যানখনত ৰাং কুকুৰৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে। সমগ্ৰ বিশ্বত মূলতঃ দুই প্ৰকাৰৰহে ৰাং কুকুৰ পোৱা যায়। এটা প্ৰজাতিৰ ৰাং কুকুৰ এছিয়াত আৰু আনটো প্ৰজাতি দক্ষিণ আফ্ৰিকাত পোৱা যায়। কিছুদিন পূৰ্বে এগৰাকী পৰিৱেশ কৰ্মীয়ে ...

May 29, 2025 6:32 PM

views 28

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত চোৰাং চিকাৰী নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱানিশা বনকৰ্মী আৰু আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত এজন চোৰাং চিকাৰী নিহত হয়। উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ ধানবাৰী বনশিবিৰ এলেকাত বনকৰ্মী আৰু আৰক্ষীৰ যুটীয়া অভিযানত আঘাতপ্রাপ্ত চিকাৰীজনক বোকাখাতৰ ছহিদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। নিহত চিকাৰীজনৰ পৰা এটা বন্দুক উদ্ধাৰ কৰা হৈছে। চোৰাং চিকাৰীজনক বাতৰি যুগুতোৱাৰ পৰলৈ চিনাক্ত কৰিব পৰা হোৱা নাই।

April 3, 2025 1:28 PM

views 22

২০২৪-২৫ পর্যটন বর্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ লাখৰো অধিক পৰ্যটকৰ আগমন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২৫ পর্যটন বর্ষৰ বিগত ছমাহত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৪ লাখৰো অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰ ফলত উদ্যানখনত ১০ কোটি টকাতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যান কর্তৃপক্ষই কালি এটা প্ৰেছ বিবৃতিযোগে প্রকাশ কৰে। বিবৃতিটোত উল্লেখ কৰা মতে যোৱা ছমাহত ১৭ হাজাৰ ৬৯৩ গৰাকী বিদেশী পর্যটকসহ মুঠ ৪ লাখ ছহেজাৰ ৫৬৪ গৰাকী পৰ্যটকৰ আগমন ঘটিছে। ইয়াৰ জৰিয়তে ১০ কোটি ৯০ লাখ ৮৯ হাজাৰ ৩৮৯ টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে। এই সময়ছোৱাত ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুকৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্...

January 11, 2025 7:24 PM

views 35

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ

শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ নম্বৰ সংযোজিত অঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ কৰিছে। জিলা দণ্ডাধীশ অংকুৰ ভড়ালীয়ে বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে। উদ্ভিদ আৰু বন্য প্রাণী সুৰক্ষাৰ বাবে এই অভয়াৰণ্যসমূহত যিকোনো ধৰণৰ সামুহিক কার্যকলাপ, ৫ জন বা ততোধিক লোকৰ উপস্থিতি আৰু মাছধৰা কাৰ্য নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰৱৰ্...

December 14, 2024 3:44 PM

views 23

দেশ বিদেশৰ পৰ্যাটকৰ বাবে কাজিৰঙাত প্ৰথমখন চৰকাৰী অৰ্কিড পার্ক মুকলি হ’ব

দেশ বিদেশৰ পৰ্যাটকৰ বাবে কাজিৰঙাত প্ৰথমখন চৰকাৰী অৰ্কিড পার্ক মুকলি হ'ব। ২০২৫ চনৰ জুলাই মাহত এই চৰকাৰী অৰ্কিড পাৰ্কৰ আৰম্ভণি কৰা হ'ব। কাজিৰঙাত নিৰ্মাণ হৈ থকা চৰকাৰী অৰ্কিড পাৰ্কৰ কাম-কাজ নিৰীক্ষণ কৰি বিভাগীয় মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।

November 15, 2024 11:42 AM

views 29

কাজিৰঙাত অহা ২৬ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ট্যুৰিজিম মাৰ্ট

পর্যটন বিভাগৰ উদ্যোগত অহা ২৬ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় ট্যুৰিজিম মাৰ্ট অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৭ নৱেম্বৰত ট্যুৰিজিম মাৰ্ট মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত ভাৰতৰ লগতে কেইবাখনো দেশৰ পৰ্যটন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীৰ লগতে বহুকেইগৰাকী উচ্চপদস্থ বিষয়াও উপস্থিত থাকিব। এই অনুষ্ঠানত নিমন্ত্রিত অতিথিসকলক কাজিৰঙাৰ হাতীখুলি চাহ বাগিচা পৰিদৰ্শন কৰোৱাৰ লগতে জীপ...