November 1, 2025 12:00 PM

views 27

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পুনৰ পৰ্যটকৰ বাবে হাতী ছাফাৰী আৰম্ভ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পুনৰ পৰ্যটকৰ বাবে হাতী ছাফাৰী আৰম্ভ হৈছে। পুৱা চাৰে ৫ বজাত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ড০ সোণালী ঘোষে আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। আজি বাগৰি বনাঞ্চলত ১৩২ গৰাকী পর্যটকে ৩৩ টা হাতীৰে ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰে। কাইলৈ কহৰা বনাঞ্চলত জীপ ছাফাৰীৰ লগতে হাতী ছাফাৰী পুনৰ আৰম্ভ কৰা হ'ব।

October 18, 2025 1:00 PM

views 21

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব প্ৰান্তৰ অগৰাতলি বনাঞ্চল আজি পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব প্ৰান্তৰ অগৰাতলি বনাঞ্চল আজি পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। বনাঞ্চলখনৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানত মন্ত্রী অতুল বৰাৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাও উপস্থিত থাকে। বনাঞ্চলখনত কেৱল জীপ ছাফাৰীৰহে ব্যৱস্থা থাকিব বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আজি মুকলিৰ দিনা বহুসংখ্যক দেশীয় পর্যটকৰ লগতে কেইগৰাকীমান জার্মান পর্যটকো উপস্থিত থাকে।

September 26, 2025 12:01 PM

views 33

আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

● বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰেপৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত আজি পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দুর্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লৈছে। প্রিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আজি ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা হয়। ইপিনে, কাজিৰঙাৰ কঁহৰা বনাঞ্চল অহা অক্টোবৰৰ দ্বিতীয় সপ্তাহত আৰু হাতী ছাফাৰী ১ নৱেম্...

July 11, 2025 7:45 PM

views 41

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় সংৰক্ষণ আৰু প্ৰাকৃতিক প্ৰশিক্ষণ ব্যৱস্থাৰ অধীনত বিশেষ সভাৰ আয়োজন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই আজি গড় সংৰক্ষণ আৰু প্ৰাকৃতিক প্ৰশিক্ষণ ব্যৱস্থাৰ অধীনত এখন বিশেষ সভাৰ আয়োজন কৰে। অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে। সভাত ভাৰতীয় তেল নিগমে ছখন অত্যাধুনিক জীপ গাড়ী আনুষ্ঠানিকভাৱে বন বিভাগক অৰ্পন কৰে।

July 4, 2025 1:02 PM

views 29

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ খৰ্গৰ ডি এন এ নমুনা সংগ্ৰহৰ কাম আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ খৰ্গৰ ডি এন এ নমুনা সংগ্ৰহৰ কাম আৰম্ভ হৈছে। ২০২১ বৰ্ষত প্রশাসনে মুঠ দুহেজাৰ ৪৭৯টা গড়ৰ খৰ্গ দাহ কৰিছিল। দাহ কৰাৰ পূৰ্বে খৰ্গসমূহৰ কিছু অংশ সংৰক্ষণ কৰা হৈছিল আৰু সেই অংশসমূহৰ পৰাই এতিয়া ডি এন এ নমুনা সংগ্ৰহ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া অৰুণ ভিগনেছে সংবাদ মাধ্যমক জনোৱা অনুসৰি খৰ্গসমূহৰ ডি এন এৰ নমুনা সংগ্ৰহৰ পাছত ডেৰাডুনত থকা ৱাইল্ড লাইফ ইনষ্টিটিউট অব ইণ্ডিয়ালৈ সেইসমূহ প্ৰেৰণ কৰিব। তাত বিজ্ঞানীসকলে ডি এন এৰ তথ্য বিশ্লেষণ কৰি সংৰক্ষণ কৰিব।

May 21, 2025 9:26 PM

views 28

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত বন আৰক্ষীৰ গুলীত চোৰাংচিকাৰীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত আজি বন আৰক্ষীৰ গুলীত এটা চোৰাংচিকাৰীৰ মৃত্যু হৈছে। বনাঞ্চলখনৰ দোৱামাৰি বন শিবিৰ এলেকাত চোৰাংচিকাৰীটোৰ মৃতদেহ উদ্ধাৰ হয়। চোৰাংচিকাৰীটোৰ পৰা আৰক্ষীয়ে এটা ৰাইফল উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত বন বিভাগ আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

May 20, 2025 1:09 PM

views 45

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী অহা ৩১ মে’লৈকে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী অহা ৩১ মে'লৈকে মুকলি কৰি দিয়া হৈছে। পৰ্যটক আৰু জীপ চাফাৰী সন্থাৰ অনুৰোধমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই সদৰি কৰিছে। উল্লেখযোগ্য যে প্রতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত কালিৰ পৰা কাজিৰঙাত জীপ চাফাৰী বন্ধ ঘোষণা কৰা হৈছিল। পৰ্যটকসকলে কাজিৰঙাৰ কঁহৰা, বাগৰি আৰু অগৰাতলীত জীপ ছাফাৰী কৰিব পাৰিব বুলি উদ্যান কৰ্তৃপক্ষই জাননী জাৰি কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চলিত পর্যটন বর্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্...

May 19, 2025 7:36 PM

views 28

চলিত পর্যটন বৰ্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাৰ তৃতীয় স্থানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চলিত পর্যটন বৰ্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান লাভ কৰিছে। ২০২৪-২৫ পৰ্যটন বৰ্ষত ৪ লাখ ৪৩ হাজাৰ পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। ইয়াৰ পৰা ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যানখনৰ সঞ্চালক ড° সোণালী ঘোষে প্ৰকাশ কৰিছে। যোৱা বছৰৰ তুলনাত এইবাৰ ৩৫ শতাংশ পৰ্যটক বৃদ্ধি হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যোৱা ১ মে'ত হাতী চাফাৰী...

April 28, 2025 1:00 PM

views 29

সংসদীয় পৰিচালনা সমিতিৰ ১৪ জনীয়া এটা দলে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত

সংসদীয় পৰিচালনা সমিতিৰ ১৪ জনীয়া এটা দলে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে। পৰিবহন, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ কাম-কাজসমূহ পর্যৱেক্ষণ কৰাৰ উদ্দেশ্যে এই দলটো অসমৰ লগতে অৰুণাচল আৰু মেঘালয়লৈ আহে। দলটোৱে কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰে। সংসদীয় দলটোৰ অধ্যক্ষ ৰাজীৱ প্ৰসাদ ৰোডীয়ে প্ৰকাশ কৰা অনুসৰি অসম ভ্ৰমণৰ সময়ত ১৪ জনীয়া এই দলটোৱে অসমৰ পৰিবহন ব্যৱস্থাৰ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ কামকাজ আৰু ৰাজ্যৰ অসামৰিক বিমান বন্দৰসমূ...

April 23, 2025 1:09 PM

views 23

২০২৪-২৫ পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৪-২৫ পৰ্যটন বৰ্ষত এতিয়ালৈকে ৪ লাখৰো অধিক দেশী-বিদেশী পৰ্যটকে ভ্ৰমণ কৰিছে। এই বৰ্ষটোত উদ্যানখনে ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। অহা ৩০ এপ্ৰিলত উদ্যানখনত হাতী ছাফাৰী বন্ধ হোৱাৰ লগতে ১৫ মেত উদ্যানখনৰ কঁহৰা বনাঞ্চলত পৰ্যটকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।