November 28, 2024 12:07 PM

views 31

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিড’ৰৰ নিৰ্মাণ কাৰ্য অহা ৪-৫ মাহৰ ভিতৰতে আৰম্ভ কৰা হ’বঃ মুখ্যমন্ত্ৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিড’ৰৰ নিৰ্মাণ কাৰ্য অহা চাৰি-পাঁচ মাহৰ ভিতৰতে আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি কাজিৰঙা আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত অংশ লৈ এই কথা প্ৰকাশ কৰে। প্ৰকল্পৰ চূড়ান্ত অনুমোদনৰ বাবে শীঘ্ৰে মন্ত্ৰী সভাত প্ৰস্তাৱ দাখিল কৰা হ'ব। পর্যটন মেলাত কেন্দ্ৰীয় পর্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ সৈতে এখন সংবাদমেলৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰকল্পৰ চূড়ান্ত অনুমোদনৰ প্ৰস্তাৱ মন্ত্ৰী সভাত দাখিলৰ পাছতে বহু প্রত্যাশিত এলিভেটেড কৰিড’ৰৰ নিবিদা জাৰি হোৱা...