August 19, 2024 12:00 PM

views 16

কাজিৰঙাৰ এলিভেটেড কৰিড’ৰক ২০২৪-২৫ বৰ্ষৰ অগ্ৰাধিকাৰ প্ৰকল্প হিচাপে তালিকাভুক্ত

কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাৰ ৫ হাজাৰ ৫০০ কোটি টকা ব্যয় সাপেক্ষ এলিভেটেড কৰিড'ৰক ২০২৪-২৫ বৰ্ষৰ অগ্ৰাধিকাৰ প্ৰকল্প হিচাপে তালিকাভুক্ত কৰে। ২০২৪-২৫ বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষই সম্পাদন কৰিবলগীয়া কামৰ তালিকাত ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড'ৰক অগ্ৰাধিকাৰ দিয়াৰ কথা প্রকাশ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষই প্ৰস্তুত কৰা কামৰ তালিকাত এই প্ৰকল্পটো অসমৰ পৰা তালিকাভুক্ত হোৱা একমাত্র প্রকল্প হিচাপে স্বীকৃতি পাইছে।