November 1, 2024 6:23 PM

views 31

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই কঁহৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। পৰম্পৰাগত হস্তী পূজাৰে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰা হয়। বাগৰি বনাঞ্চলতো আজিৰে পৰা ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ হৈছে। হাতী ছাফাৰী মুকলি হোৱাৰ প্ৰথম দিনটোতে কঁহৰা বনাঞ্চলৰ ১০টা হাতীত বেলজিয়াম, আমেৰিকা, ইংলেণ্ডৰ পৰ্যটককে ধৰি দেশী-বিদেশী মুঠ ৩০ গৰাকী পৰ্যটক হাতী ছাফাৰী কৰি । উল্লেখযোগ্য যে, বন বিভাগে যোৱা ১ অক্টোবৰত...

October 16, 2024 11:39 AM

views 25

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলিৰ  ১৩ দিনৰ ভিতৰত ২৪ লাখ ১৬ হাজাৰ টকা ৰাজহ সংগ্ৰহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ মাত্ৰ ১৩ দিনৰ ভিতৰতে ২৪ লাখ ১৬ হাজাৰ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। কেৱল জীপ চাফাৰীৰ জৰিয়তে বন বিভাগে দেশী-বিদেশী পৰ্যটকৰ পৰা এই ৰাজহ সংগ্ৰহ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়া মতে দুর্গোৎসৱৰ সময়ছোৱাত কাজিৰঙালৈ অধিক সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পৰ্যটনৰ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষসমূহত অক্টোবৰ মাহৰ প্ৰথম ভাগতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ম...

October 1, 2024 1:01 PM

views 21

দেশ-বিদেশৰ পৰ্যটকৰ বাবে আজি আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি

দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি মুকলি কৰা হৈছে। বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি আনুষ্ঠানিকভাৱে উদ্যানখন মুকলি কৰে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ লগতে সাংসদ কামাখ্যা প্রসাদ তাছা উপস্থিত থাকে। ইয়াৰ পাছতে আটাইকেইগৰাকী নেতাই ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰ ৩১ মে’ত ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটন বৰ্ষৰ সামৰণি পৰাৰ পাছত আজি মুকলি কৰা হয়। অৱশ্যে প্ৰথম অৱস্থাত পৰ্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্...

September 29, 2024 11:42 AM

views 66

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে পৰহিলৈ মুকলি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে পৰহিলৈ মুকলি কৰা হ'ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্ৰথম অৱস্থাত পৰ্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ বাট-পথসমূহ মেৰামটি কৰাৰ লগতে জীপ চালক সকলকো প্ৰশিক্ষণ প্ৰদান কৰিছে। ইতিমধ্যে কেইবালানিও প্রশিক্ষণ কার্যসূচী সমাপ্ত হৈছে। ১ অক্টোবৰত উদ্যো...

September 12, 2024 10:14 AM

views 24

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। পর্যটন বৰ্ষটোত কঁহৰা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। আনহাতে বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা হৈ জীপ ...

September 8, 2024 11:57 AM

views 26

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বন বিভাগে এটা বিবৃতিযোগে এইকথা সদৰি কৰিছে। অৱশ্যে মুকলি কৰি দিয়া বিষয়টো বতৰৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল কেৱল জীপ ছাফাৰীৰ বাবে মুকলি কৰি দিয়া হ'ব।

July 29, 2024 6:22 PM

views 26

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাঘ সংৰক্ষণ সন্দৰ্ভত সজাগতামূলক বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। আজিৰ দিনটোতে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা কাজিৰঙাৰ চাৰিজন বনকৰ্মীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ৫৪ খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ...

July 5, 2024 12:32 PM

views 24

সাম্প্ৰতিক বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ অঞ্চল প্লাবিত

ৰাজ্যত বানে জটিলৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বনাঞ্চলসমূহৰ জীৱ- জন্তুৱেও দুর্ভোগ ভুগিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গড়কে ধৰি ১৭ টা জন্তু বানত ডুবি মৃত্যু হোৱাৰ বিপৰীতে বনবিভাগে আন ৭২ টা জন্তুক উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৩২ টা বন্য জীৱ সদ্যহতে চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৫ টা জন্তু ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি এতিয়াও সাম কটা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯০ শতাংশ অঞ্চল প্লাবিত হোৱাৰ পৰিপ্ৰেক্ষি...

June 28, 2024 6:40 PM

views 26

সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত তৎপৰতা বৃদ্ধি

সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত তৎপৰতা বৃদ্ধি পোৱাৰ লগতে প্ৰতিটো বিভাগ সষ্টম হৈ উঠিছে। যিকোনো মুহূৰ্ততে উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ বাবে কঁহৰাস্থিত ৰাজ্যিক পশু চিকিৎসালয় সাজু হৈ আছে। চিকিৎসালয়খনে আজি হেল্পলাইন নম্বৰ আৰু বিশেষ বাহন মুকলি কৰিছে। বিপদত পৰা বন্যপ্রাণী দেখিলেই ১৯৬২ নম্বৰত ফোন কৰিলে বন্যার্ত জীৱৰ ওচৰত পশুধন সাৰথি নামৰ বাহনখন উপস্থিত হ'ব বুলি চিকিৎসালয় কর্তৃপক্ষই জানিবলৈ দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক বিশ্বজিৎ বৰুৱাই ৰাইজৰ সহযোগিতা আহ্বান কৰি কৈছে য...

May 31, 2024 7:28 PM

views 32

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত পৰিছে। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনত আজিৰ পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে।