October 20, 2025 12:05 PM

views 32

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ কৰা চৰাই গণনাত ১৪৬ বিধ চৰাইৰ প্রজাতি চিনাক্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেহতীয়াকৈ কৰা চৰাই গণনাত ১৪৬ বিধ চৰাইৰ প্রজাতি চিনাক্ত কৰা হৈছে। 'কাতি বিহু চৰাই গণনা, ২০২৫' কার্যসূচীত SWAMP GRASS BABBLER আৰু PALLAS FISH EAGLE কে ধৰি দুটা বিপন্ন প্ৰজাতিৰ আৰু ১৯১৯ টা চৰাই ব্যক্তিগতভাবে গণনা কৰা হয়। অসম চৰাই নিৰীক্ষণ নেটৱৰ্ক আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ সহযোগত এই চৰাই গণনা কৰা হয়। অগৰাতলীত সর্বাধিক ৮৯ বিধ প্রজাতি, গমিৰি আৰু পাণবাৰীত ৫৯ বিধ, পাণপুৰত ৫৫ বিধ আৰু লাওখোৱাত ৩৭ বিধ প্ৰজাতিৰ চৰাই গণনা কৰা হৈছে।

October 8, 2025 6:52 PM

views 39

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্য্যটকৰ বাবে জীপ চাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল আজিৰে পৰা পৰ্য্যটকৰ বাবে জীপ চাফাৰীৰ বাবে মুকলি কৰা হৈছে। আজি পুৱা উদ্যান কর্তৃপক্ষই বন্তি প্ৰজ্বলনেৰে বুঢ়া পাহাৰ বনাঞ্চলৰ আজিৰে পৰা শুভাৰম্ভ কৰা বুলি ঘোষণা কৰিছে।

July 27, 2025 6:54 PM

views 36

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে কৰা পক্ষী সমীক্ষাত ৪৩টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে কৰা পক্ষী সমীক্ষাত ৪৩টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা গৈছে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই সমীক্ষাত কম্পিউটাৰ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে শব্দ বাণীবদ্ধ কৰা কিছু আহিলা স্থাপন কৰাৰ পাছত তাত বাণীবদ্ধ হোৱা শব্দসমূহ বিশ্লেষণ কৰা হয়। এই পদক্ষেপৰ সৈতে জড়িত সমগ্ৰ দলটোক প্ৰশংসা কৰি শ্ৰীমোদীয়ে দেশৰ জৈৱ বিচিত্ৰতাৰ আন্তৰ্জাতিক স্বীকৃতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এনে পদক্ষেপসমূহৰ সংবর্ধন হোৱা উ...

July 27, 2025 12:07 PM

views 141

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে শব্দ ৰেকৰ্ডিং যন্ত্ৰৰে গ্ৰাছলেণ্ড চৰাইৰ লোকপিয়লৰ কথা মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

আকাশবাণীৰ দ্বাৰা প্ৰচাৰিত মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে গ্ৰাছলেণ্ড চৰাইৰ লোকপিয়লৰ কথা উল্লেখ কৰে। ৪০ টাতকৈও অধিক প্ৰজাতিৰ চৰাই চিনাক্ত কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ ভিতৰত বহুতো বিৰল চৰাইও আছে। শব্দ ৰেকৰ্ডিং যন্ত্ৰ স্থাপন কৰি লোকপিয়ল চলোৱা দলটোৱে AI ব্যৱহাৰ কৰি শব্দবোৰ কম্পিউটাৰত বিশ্লেষণ কৰা হৈছিল। কেৱল শব্দৰ দ্বাৰাই চৰাইবোৰক চিনাক্ত কৰা হৈছিল।

May 18, 2025 12:18 PM

views 30

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে সোমবাৰৰ পৰা বন্ধ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে সোমবাৰৰ পৰা বন্ধ হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনত ২০২৪-২৫ পর্যটন বৰ্ষৰ অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই যোৱা ১ মে'ত হাতী চাফাৰী বন্ধ কৰিছিল। হাতী চাফাৰী বন্ধ হোৱাৰ পাছত পৰ্যটকৰ বাবে উদ্যানখনত জীপ চাফাৰী উপলব্ধ আছিল। ২০২৪-২৫ পর্যটন বর্ষত প্রায় ৫ লক্ষ পর্যটকে কাজিৰঙা দৰ্শন কৰাৰ লগতে ১০ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ উদ্যান কর্তৃপক্ষ সমর্থ হৈছে। এই পর্যটন বৰ্ষটো কাজিৰঙাৰ বাবে উল্লেখযোগ্য বর্ষ বুলি উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে।

May 4, 2025 7:43 PM

views 32

১৯ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰি বন্ধ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে অহা ১৯ মে'ৰ পৰা জীপ চাফাৰি বন্ধ কৰা হ'ব। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পথসমূহ বোকাময় হৈ পৰাৰ বাবে কর্তৃপক্ষই এই সিদ্ধান্ত গ্রহণ কৰে। উল্লেখযোগ্য যে উদ্যানখনত যোৱা ৩০ এপ্ৰিলত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ'লেও পানবাৰী সংৰক্ষিত বনাঞ্চল, বিশ্বনাথৰ পানপুৰ, লাওখোৱা বুঢ়াচাপৰি বনাঞ্চল কিছু দিনৰ বাবে পৰ্যটকৰ বাবে খোলা থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে পূর্বে জান...

January 30, 2025 2:06 PM

views 28

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ এবিধ বিৰল প্ৰজাতিৰ পক্ষীৰ উপস্থিতি প্ৰত্যক্ষ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ এবিধ বিৰল প্ৰজাতিৰ পক্ষীৰ উপস্থিতি প্ৰত্যক্ষ কৰা হৈছে। কাজিৰঙাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ পল্লৱ প্ৰকাশ শ‍ইকীয়া আৰু হেমন্ত গগৈ নামৰ দুজন যুৱ পর্যটক গাইডে এবিধ ব্লু এণ্ড হোৱাইট ফ্লাইকেচাৰ প্ৰত্যক্ষ কৰে। এই চৰাইবিধে এছিয়া অর্থাৎ জাপান, কোৰিয়া, চীনৰ কিছু অংশ আৰু ৰাছিয়াত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণ পূব এছিয়াত কটায়। ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ এই বিৰল ব্লু এণ্ড হোৱাইট ফ্লাইকেচাৰক দেখা পোৱাৰ বাবে সামাজিক মাধ্যমত উৎসাহ প্ৰকাশ কৰ...

December 6, 2024 10:38 AM

views 31

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা দুটা মাহত ৮১ হাজাৰ ৬৮ গৰাকী পৰ্যটকে দৰ্শন কৰিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি উদ্যানখনত যোৱা দুটা মাহত পৰ্যটকৰ সংখ্যা যথেষ্ট বাঢ়িছে। অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া উদ্যানখন যোৱা দুটা মাহত ৮১ হাজাৰ ৬৮ গৰাকী পৰ্যটকে দর্শন কৰে। ইয়াৰে ৩ হাজাৰ ৪২৫ গৰাকী বিদেশী পৰ্যটক। অক্টোবৰত ২৯ হাজাৰ ৫৭৯ গৰাকী পৰ্যটক আৰু নৱেম্বৰত ৫১ হাজাৰ ৪৮৯ গৰাকী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰে। পৰ্যটকৰ পৰা যোৱা দুটা মাহত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ প্রায় ডেৰ কোটি টকা ৷ ইফালে, সৰ্বভাৰতীয় ভিত্তিত চলি থকা হাতীৰ সংখ্যা নিৰূপণৰ অংশ হিচাপে অসমকে ধৰি উত্তৰ...

November 29, 2024 6:23 PM

views 37

কাজিৰঙাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি সামৰণি

কাজিৰঙাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি সামৰণি পৰে। কাজিৰঙাৰ লগতে অসমৰ পৰ্যটনক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয় আৰু অসম পৰ্যটন বিভাগে এই আন্তৰাষ্ট্ৰীয় মেলাৰ আয়োজন কৰিছিল। কেবাখনো দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ট্যুৰ অপাৰেটৰ আৰু প্ৰতিনিধিসকলে এই মেলাত অংশগ্ৰহণ কৰে। ইটালী, স্পেইন, শ্রীলংকা, আফগানিস্তান, ৰাছিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটন প্রতিনিধিসকলে ইয়াত অংশ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ চাহ শিল্পৰ ভূয়সী প্ৰশংসা কৰে। এই অ...

November 28, 2024 6:31 PM

views 25

কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ তৃতীয় দিনত দেশ-বিদেশৰ প্ৰতিনিধিসকলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন

কাজিৰঙাত চলি থকা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি তৃতীয় দিনা দেশ-বিদেশৰ প্ৰতিনিধিসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পাছত অ’কিড উদ্যান, হাতীখুলি চাহ বাগিচা পৰিভ্ৰমণ কৰি অসমৰ থলুৱা খাদ্যৰ জুতি লয়। কাজিৰঙাৰ অনুপম সৌন্দৰ্য উপভোগ কৰি পৰ্যটকসকল আপ্লুত হৈ পৰে। পৰ্যটন মেলালৈ অহা মহাৰাষ্ট্ৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাড’ৰ নাভেলি দেশমুখেও কাজিৰঙাৰ সৌন্দৰ্যক প্ৰশংসা কৰে। উল্লেখযোগ্য যে কাইলৈ এই পৰ্যটন মেলাৰ অন্ত পৰিব।