June 16, 2025 8:23 PM

views 8

শিৱসাগৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীৰ আঁচনি সন্দৰ্ভত বিভাগীয় মন্ত্ৰীৰ মন্তব্য

ৰাজ্যৰ ১০ খন জিলাত অহা অক্টোবৰত আৰম্ভ হ'বলগীয়া ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ এখন আঁচনি সন্দৰ্ভত আজি শিৱসাগৰত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে অৱগত কৰে। এই আঁচনিৰ অধীনত গ্ৰাহকসকলক এক কিলোগ্ৰামকৈ মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত প্ৰদান কৰা হ'ব। আজিৰ এই কাৰ্যসূচীত সুলভ মূল্যৰ দোকানী, গাঁও পঞ্চায়ত, সমবায় সমিতিসমূহৰ প্ৰতিনিধিসকলক এই আঁচনিৰ সকলো দিশ সামৰি দৃশ্য-শ্রাব্য মাধ্যমেৰে অৱগত কৰোৱা হয়। ৰাজ্যৰ ১০ খন জিলাত এই আঁচনি আৰম্ভ হোৱাৰ এমাহৰ পাছতে...