September 23, 2025 8:43 PM
23
কৌশল বিকাশ যোজনা মুকলিৰ এক দশক সম্পূৰ্ণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনক মূল মন্ত্ৰ হিচাপে লৈ উন্নয়ন আৰু পৰিৱৰ্তনৰ দিশত বিৰামহীনভাৱে কাম কৰি আছে। প্রধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱ প্ৰজন্মক সৱল কৰি তোলাৰ উদ্দেশ্যে ২০১৫ চনৰ ১৫ জুলাইত কৌশল বিকাশ যোজনা মুকলি কৰিছিল। এই আঁচনিয়ে বর্তমান এটা দশক সম্পূৰ্ণ কৰিছে। এই আঁচনিখনৰ অধীনত যোৱা জুলাই মাহলৈ দেশৰ প্ৰায় ১ কোটি ৬৩ লাখ যুৱক- যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এইসকলৰ ৪৫ শতাংশই মহিলা। আঁচনিখনৰ চতুৰ্থ পৰ্য্যায় ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা বছৰলৈ এই পৰ্য্য...