November 3, 2024 8:34 PM November 3, 2024 8:34 PM
16
কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত
কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ দেওবৰীয়া বজাৰত আজি বিয়লি হোৱা গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত হয়। সংবাদদাতাই জনোৱা অনুসৰি টি আৰ চি ক্ৰছিঙৰ সমীপত নিৰাপত্তা বাহিনীৰ বাহনলৈ লক্ষ্য কৰি সন্দেহযুক্ত সন্ত্রাসবাদীয়ে দলিওৱা গ্রেনেড লক্ষ্যভ্রষ্ট হৈ পথত বিস্ফোৰিত হয়। এই ঘটনাত কমেও ১০ গৰাকী অসামৰিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, শীতকালীন সা-সামগ্ৰী ক্ৰয়ৰ বাবে দেওবৰীয়া বজাৰখনত ব্যাপক সংখ্যক জনসমাগম হৈছিল। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি আক্ৰমণকাৰ...