August 8, 2024 6:43 PM August 8, 2024 6:43 PM
2
কলিয়াবৰত অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ মাজত সামগ্ৰী বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ
পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ মহকুমাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোর্ড আৰু মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত মহকুমাটোৰ অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ মাজত টেলিভিছন ছেট আৰু চকী-টেবুল বিতৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। চলিত বৰ্ষত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ অধীনত অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ বাবে এই সামগ্ৰীসমূহ বিতৰণৰ ব্যৱস্থা কৰা হৈছে।