January 27, 2025 7:13 PM

views 18

দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

পথৰুঘাটৰ কৃষক ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কৃষি মেলা, কৃষক বিদ্ৰোহ বিষয়ৰ গ্ৰন্থ, স্মৰণিকা, আলোকচিত্র ইত্যাদিৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰাৰ লগতে কৃষক ছহিদ প্ৰকল্পত এটা শীততাপ নিয়ন্ত্রিত প্রেক্ষাগৃহ উদ্বোধন কৰা হয়। পুৱাৰ ভাগত পাথৰিঘাটৰ কৃষক ছহিদ বাকৰিত পথৰুঘাটে ৰিঙিয়ায় শীৰ্ষক প্ৰাইজমাণি কুইজ প্র...