October 3, 2024 12:34 PM

views 22

কৰিমগঞ্জ জিলাত কৰ্মৰত চিকিৎসকসকলক কৰ্তব্যৰ সময়ত ব্যক্তিগত চিকিৎসা আগবঢ়োৱাৰ পৰা বিৰত থকাৰ নির্দেশ

ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি কৰিমগঞ্জ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে জিলাখনত কৰ্মৰত চিকিৎসকসকলক কৰ্তব্যৰ সময়ত ব্যক্তিগত চিকিৎসা আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিছে। যুটীয়া সঞ্চালকগৰাকীয়ে লগতে জনায় যে কৰিমগঞ্জ জিলাৰ সকলো ব্যক্তিগত চিকিৎসা প্রতিষ্ঠানে তেওঁলোকৰ প্ৰতিষ্ঠানত কৰ্মৰত চৰকাৰী চিকিৎসকৰ পৰা চৰকাৰী কৰ্তব্যৰ সময়ত সেৱা গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিব লাগিব। এই নিৰ্দেশনা উলংঘা কৰিলে আইন অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ লগতে উল্লেখ কৰে।