September 26, 2024 7:39 PM

views 26

কৰিমগঞ্জত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত নতুন হিতাধিকাৰী বাছনিৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ত সভা

কৰিমগঞ্জ জিলাত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৫৭ হাজাৰ নতুন হিতাধিকাৰী বাছনিৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্তৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয়। বৈঠকত অহা ১৫ অক্টোবৰৰ ভিতৰত হিতাধিকাৰীৰ পৰা প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰাৰ লগতে বৰ্তমানৰ ৰেচন কাৰ্ডধাৰীসকলৰ পৰাও এই নথিপত্ৰ সংগ্ৰহ কৰাৰ বাবে গাঁও পঞ্চায়তক নির্দেশ দিয়া হয়। নতুন ৰেচন কাৰ্ড আবেদনৰ বাবে আবেদনকাৰীয়ে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড, শেহতীয়া ভোটাৰ তালিকা বা ভোটাৰ পৰিচয় পত্ৰ আৰু পৰিয়ালৰ মুৰব্বী অৰ্থাৎ‍ আবেদনকাৰীৰ...