November 13, 2024 8:14 PM

views 26

কৰিমগঞ্জৰ জিলা আয়ুক্ত কাৰ্যালয়ত খালী হৈ থকা প্ৰশাসনিক বিষয়াৰ পদৰ আবেদন আহ্বান

কৰিমগঞ্জৰ জিলা আয়ুক্ত কাৰ্যালয়ত খালী হৈ থকা প্ৰশাসনিক বিষয়াৰ পদ পূৰণৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। এই পদত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলৰ ৰাজ্যৰ যিকোনো জিলা প্ৰশাসনৰ কাৰ্যালয়ত ন্যূনতম ১৫ বছৰ কাম কৰা অভিজ্ঞতা থকাৰ লগতে যিকোনো অনুমোদিত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। বয়স, শৈক্ষিক অর্হতা, ঠিকনা, অভিজ্ঞতা আদিৰ সৈতে ৩০ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত আবেদন কৰিব লাগিব বুলি কোৱা হৈছে ।

October 26, 2024 8:01 PM

views 38

কৰিমগঞ্জৰ ২৯ টা কেন্দ্ৰত কাইলৈ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব

কৰিমগঞ্জ জিলাৰ ২৯ টা কেন্দ্ৰত কাইলৈ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা কেন্দ্ৰসমূহত যিকোনো ধৰণৰ অবৈধ কার্যকলাপ ৰোধ কৰাৰ লগতে শান্তি শৃংখলা বজাই ৰাখিবলৈ জিলা আয়ুক্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬০ নম্বৰ ধাৰা অনুযায়ী কাইলৈ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাত ব্যক্তি প্ৰৱেশ আৰু অযথা ভিৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। তদুপৰি পৰীক্ষা গৃহত কোনো ধৰণৰ ইলেকট্রনিক স...

September 16, 2024 7:37 PM

views 21

কৰিমগঞ্জ আৰক্ষীৰ অভিযানত এখন বাহনৰ পৰা নিচাযুক্ত টেবলেট জব্দৰ লগতে বুজন পৰিমাণৰ অন্য নিচাযুক্ত সামগ্ৰী জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে আজি পেটেল নগৰ অঞ্চলত অভিযান চলাই চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনত ভালেসংখ্যক নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে বুজন পৰিমাণৰ অন্য নিচাযুক্ত সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত তিনিজন লোকক আটক কৰিছে। অভিযানকালত আৰক্ষীয়ে প্ৰায় এক লাখ ২০ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৫৩৭ গ্রাম হেৰ'ইন জব্দ কৰা বুলি জানিব পৰা গৈছে।

July 21, 2024 7:06 PM

views 25

ৰাজ্যৰ ৩ খন জিলাত ঔদ্যোগিক উদ্যান নিৰ্মাণৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কৰিমগঞ্জকে ধৰি ৰাজ্যৰ ৩ খন জিলাত ঔদ্যোগিক উদ্যান নিৰ্মাণৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। কৰিমগঞ্জত পাথাৰকান্দি অঞ্চলত এখন উদ্যান গঢ়ি তোলা হ'ব। পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে এই সন্দৰ্ভত চৰকাৰৰ পদক্ষেপৰ শলাগ লৈ কয় যে, এই প্ৰকল্পৰ ফলত অঞ্চলটোত ৫ ৰ পৰা ৭ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব। উদ্যানখনে অঞ্চলটোৰ অৰ্থনীতিৰ ব্যাপক পৰিৱৰ্তন ঘটাব বুলি বিধায়কজনে মন্তব্য কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱৰ মুঠ ১২ টা স্থানত ঔদ্যোগিক উদ্যান প্ৰকল্পৰ অনুমোদন জনা...

July 11, 2024 9:12 PM

views 14

কৰিমগঞ্জ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১ লাখ নিচাযুক্ত টেবলেট জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১ লাখ নিচাযুক্ত টেবলেট জব্দ কৰিছে। এই ঘটনা সংক্রান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক এই পদক্ষেপৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ইপিনে লখিমপুৰ জিলাৰ হাৰমতিত আৰক্ষীয়ে বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰে। এই সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক আটক কৰে। লোকজনৰ পৰা ৪৮টা টেমাত ভৰ্তিকৰি ৰখা মাদকদ্রব্য আৰু ৪৮ হাজাৰ টকাৰো অধিক নগদ ধন জব্দ কৰা হৈছে। গোলাঘাট জিলাৰ সৰুপথাৰতো কালি বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হ...

June 28, 2024 8:02 PM

views 37

কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও বানত বুৰ গৈছে

কৰিমগঞ্জ জিলাৰ বহু লোক বানপানীৰ বাবে গৃহবন্দী হৈ পৰিছে। কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও পানীত বুৰ গৈছে। বর্তমান জিলাখনত ১১২টা সাহায্য শিবিৰ সক্ৰিয় হৈ আছে আৰু তাত ১৫ হাজাৰতকৈও অধিক লোকক আশ্ৰয় দিয়া হৈছে। নিলাম বাজাৰ ৰাজহ চক্ৰৰ ১০৬খন গাঁও আটাইতকৈ বেছি প্লাৱিত হোৱাৰ বিপৰীতে ৰামকৃষ্ণ নগৰ ৰাজহ চক্ৰত ৭১খন গাঁও, কৰিমগঞ্জ সদৰ চক্ৰৰ অন্তৰ্গত ৮৭খন গাঁও, বদৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৫খন আৰু পাথাৰকান্দি ৰাজহ চক্ৰৰ অন্তৰ্গত ৩১খন গাঁও পানীত বুৰ গৈছে। তাৎপর্যপূর্ণভাৱে এইবাৰৰ ভয়াবহ বানৰ ফলত জিলাখনৰ...

May 8, 2024 12:08 PM

views 27

কৰিমগঞ্জত ১২০ মাইক্ৰনতকৈ কম ঘনত্বৰ পলিথিন ব্যৱহাৰৰ নিষেধাজ্ঞা

কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ পৌৰসভা এলেকাৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহত ১২০ মাইক্ৰনতকৈ কম ঘনত্বৰ পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অন্যথা আইন অনুসৰি জৰিমনা বিহা হ'ব বুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়াজনৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনাইছে।

April 20, 2024 12:13 PM

views 28

কৰিমগঞ্জত আজি দুখন নির্বাচনী সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলাত দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মল্লাহৰ হৈ পাথাৰকান্দি সমষ্টি ইছাবিল ময়দানত দুপৰীয়া ১২ বজাত আৰু বদৰপুৰ সমষ্টিৰ মালোৱাত দুপৰীয়া ১ বজাত নির্বাচনী সভাত অংশ ল'ব। ইপিনে, বিয়লি ৫ বজাৰ পৰা মুখ্যমন্ত্ৰী ড০ শর্মাই হাইলাকান্দিতো এটা ৰোড শ্ব’ত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে, কংগ্ৰেছকে ধৰি আন আন দলেও বিভিন্ন ঠাইত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

April 5, 2024 8:05 PM

views 55

কৰিমগঞ্জত নির্বাচনী কামত নিয়োজিত প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰক পোষ্টেল বেলট সংগ্ৰহৰ বাবে জিলা প্ৰশাসনৰ অধিসূচনা

কৰিমগঞ্জ জিলাত নির্বাচনী কামত নিয়োজিত প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰক পোষ্টেল বেলট সংগ্ৰহৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা অধিসূচনা জাৰি কৰা হৈছে। নিৰ্বাচনৰ ভোটাৰসকল ১৪ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বেলট পেপাৰ কেন্দ্ৰৰ পৰা পোষ্টেল বেলট সংগ্ৰহ কৰি ভোট দিবলৈ আহ্বান জনোৱা হৈছে।