July 26, 2025 9:12 PM

views 16

সমগ্র দেশত আজি কার্গিল বিজয় দিৱস উদযাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত দেশৰ হকে প্ৰাণ আহুতি দিয়া ভাৰতীয় জোৱানসকলৰ বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্র দেশত আজি কার্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। এইবেলি কার্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয় লাভ আৰু অপাৰেচন বিজয়ৰ সফল পৰিসমাপ্তিৰ ২৬ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ, প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং, চীফ...