August 6, 2024 1:34 PM

views 18

কেৰালাৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত চুৰালমালা অঞ্চলৰ পৰা কালি দুটা মৃতদেহ উদ্ধাৰ

কেৰালাৰ ৱায়নাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত চুৰালমালা অঞ্চলৰ পৰা উদ্ধাৰ অভিযানত কালি দুটা মৃতদেহ উদ্ধাৰ কৰা হয়। এইপর্যন্ত ভূমিস্খলনৰ ফলত ৱায়নাডত ৩০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাটো নিশ্চিত হৈছে। ইয়াৰে ৩১টা শৱদেহ আৰু উদ্ধাৰ কৰা ১৫৮টা দেহৰ বিভিন্ন অংশ কালি বিয়লি পুণ্ডুমালাত সমাধিস্থ কৰা হয়। বায়নাড জিলাত এতিয়াও ৬ হাজাৰতকৈ অধিক লোক বিভিন্ন আশ্রয় গৃহত থকা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।