December 21, 2025 9:11 PM

views 21

পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেং নদীৰ ওপৰত নিৰ্মিত পকী দলং কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দ্বাৰা উদ্বোধন

পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দেং খেৰণি সংযোগী পথৰ আমৰেং নদীৰ ওপৰত নিৰ্মাণ কৰা এখন পকী দলং কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি উদ্বোধন কৰে। প্ৰায় এঘাৰ কোটি ৭২ লাখ টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰা হৈছে। নতুন দলংখনে জিৰিকিন্দেং অঞ্চলৰ সৈতে ব্যৱসায়, বাণিজ্য আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰিব বুলি মুখ্য কার্যবাহী সদস্যগৰাকীয়ে আশা প্রকাশ কৰে।