March 17, 2025 7:02 PM
36
পশ্চিম কাৰ্বি আংলংত জিলাখনৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে জিলা আয়ুক্তৰ গুৰুত্বপূর্ণ বৈঠক
পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং আৰু আশ্ৰী বিধানসভা সমষ্টিৰ বাবে আসোঁৱাহমুক্ত ভোটদাতাৰ তালিকা প্রস্তুত কৰাৰ বাবে জিলাখনৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আজি জিলা আয়ুক্ত সাৰংগপাণি শৰ্মাই গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰতিটো ৰাজনৈতিক দলৰ বুথ পৰ্যায়ৰ পৰা প্রতিনিধি নিয়োগ কৰি প্ৰত্যেকটো পৰিয়ালৰ প্ৰাপ্তবয়স্ত লোকসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনোৱা হয়। বিশেষকৈ অসম-মেঘালয় সীমান্তত বসবাস কৰা খাচী লোকসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাত সহায...