June 7, 2025 6:38 PM

views 21

পশ্চিম কাৰ্বি আংলঙত বিষাক্ত কাঠফুলা সেৱন সন্দৰ্ভত বিশেষ সজাগতা শিবিৰ অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলঙত আজি বিষাক্ত কাঠফুলা সেৱন সন্দৰ্ভত বিশেষ সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। যোৱা শুকুৰবাৰে বিষাক্ত কাঠফুলা খাই ৫ গৰাকী লোক বিষক্ৰিয়াত অসুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ একাংশ স্বাস্থ্য কর্মীয়ে বিভিন্ন অঞ্চলত এই সজাগতা প্রদান কার্যসূচী অনুষ্ঠিত কৰে।

June 2, 2025 9:22 PM

views 32

কাৰ্বি আংলঙৰ দলদলী সংৰক্ষিত বনাঞ্চলত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ দখল আৰু পৰিৱেশ বিনষ্ট কৰা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সমিতি গঠন

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কাৰ্বি আংলং জিলাৰ দলদলী সংৰক্ষিত বনাঞ্চলত দখল আৰু পৰিৱেশ বিনষ্ট কৰা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সমিতি গঠন কৰিছে। উত্তম বোথাৰি নামৰ এজন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীকৰণে অসম চৰকাৰৰ প্ৰধান মুখ্য বনসংৰক্ষক কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ এগৰাকী প্ৰতিনিধি, নাগালেণ্ড চৰকাৰৰ ভূমি ৰেকৰ্ড আৰু জৰীপ বিভাগৰ এগৰাকী প্ৰতিনিধি আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এজন প্ৰতিনিধিক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিখনক যাৱতীয় ...

May 23, 2025 6:45 PM

views 24

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম বান সংক্রান্তীয় প্রস্তুতিমূলক সভা অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম বন বিভাগৰ পৰিদৰ্শন ভৱনত আজি জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত বান সংক্রান্তীয় এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত সাৰংগপানী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাখনত খণ্ড উন্নয়ন বিষয়া, বনাঞ্চলিক বিষয়া, সহকাৰী ৰাজহ বিষয়া, শিশু কল্যাণ প্রকল্প বিষয়া, জিলা কৃষি বিষয়া, লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা পশু চিকিৎসা বিষয়া, মহকুমা স্বাস্থ্য বিষয়াৰ লগতে ঋষভ বেচৰকাৰী সন্থা আৰু চত্ৰ বেচৰকাৰী সন্থাৰ প্ৰতিনিধি উপস্থিত থাকে। সভাখনত বান...

May 21, 2025 12:53 PM

views 21

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানীৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ'ত আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানীৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাহাৰীয়া জিলাখনৰ বৈঠালাংছ'ৰ ৰঙাগড়াত অৱস্থিত কৰা-এৰপী মধ্য ইংৰাজী বিদ্যালয় আৰু স্বামী বিবেকানন্দ ইংৰাজী বিদ্যালয়ৰ চৌহদত প্ৰায় ৫০০ তামোল গছৰ পুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণৰ জৰিয়তে দুয়োখন বিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ পৰিৱেশ অনুকুল হোৱাৰ লগতে ভৱিষ্যতে আর্থিক সহায়ো আগবঢ়াব বুলি আৰক্ষী বাহিনীৰ বিষয়াই জানিবলৈ দিয়ে।

May 20, 2025 8:26 PM

views 20

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’-হামৰেণ সংযোগী পথৰ সোঁমাজত গছ বাগৰি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত

যোৱা মাজনিশাৰে পৰা হোৱা প্ৰবল বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙৰ ডেৰাগাঁৱৰ সমীপৰ বৈঠালাংছ'- হামৰেণ সংযোগী পথৰ সোঁমাজত গছ বাগৰি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত হয়। 

May 19, 2025 8:50 PM

views 25

পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত সাৰংগপানি শৰ্মাই আজি ডালিমবাৰীৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন

 পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত সাৰংগপানি শৰ্মাই আজি ডালিমবাৰীৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে শৈক্ষিক বাতাবৰণ সন্দৰ্ভত আলোচনা কৰে। জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নীতকৰণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা দিশসমূহ ক্ৰমান্বয়ে পূৰণ কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিজ্ঞান বিষয়ৰ পাঠদান কৰে।

April 14, 2025 7:43 PM

views 26

ডিফু অগ্নিনির্বাপক বাহিনী সেৱা কেন্দ্ৰৰ উদ্যোগত অগ্নিনির্বাপক সপ্তাহ পালন

কাৰ্বি আলং জিলাৰ ডিফু অগ্নিনির্বাপক বাহিনী সেৱা কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা অগ্নিনির্বাপক সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰ ভাগত চাফাই কাৰ্যসূচীৰ লগতে গছ-পুলি ৰোপন কৰা হয়। অগ্নিনির্বাপক সপ্তাহৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত অগ্নিকাণ্ড আৰু ল'বলগীয়া সাৱধানতা সন্দৰ্ভত এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।

April 7, 2025 6:56 PM

views 32

কাৰ্বি আংলং জিলাৰ ৰংবামি গাঁৱৰ ৩০০ৰো অধিক লোকৰ মাজত ভূমি পট্টা বিতৰণ

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ৰংবামি গাঁৱৰ ৩০০ৰো অধিক লোকৰ মাজত আজি ভূমি পট্টা বিতৰণ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই ভূমি পট্টাসমূহ বিতৰণ কৰি কয়, যে সীমান্ত অঞ্চলত থকা লোকসকলক ভূমি পট্টা প্ৰদানৰ বিষয়টোক তেওঁলোকে প্রাধান্য দিছে। অনুষ্ঠানত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, সদস্যা কাদম তোংপিকে ধৰি বিভিন্ন নিগম নিকায়ৰ অধ্যক্ষসকল উপস্থিত থাকে ।

April 4, 2025 7:51 PM

views 22

কাৰ্বি আংলঙৰ বোকাজানত উজনিমুৱা ইণ্টাৰছিটি ৰে’লত ১০০ ৰাউণ্ড পইণ্ট ২২ পিষ্টলৰ গুলিসহ আৰক্ষী এগৰাকী প্রাক্তন সেনা জোৱানক আটক

কাৰ্বি আংলং জিলাৰ বোকাজানত আজি উজনিমুৱা ইণ্টাৰছিটি ৰে’লত ১০০ ৰাউণ্ড পইণ্ট ২২ পিষ্টলৰ গুলিসহ আৰক্ষী এগৰাকী প্রাক্তন সেনা জোৱানক আটক কৰে। আটকাধীন প্রাক্তন সেনা জোৱানজন ডিমাপুৰৰ পৰা লিডুলৈ ৰে'লযোগে গৈ আছিল। ধৃত লোকজনৰ নাম নাওনি কন্যাক বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হৈছে।

March 23, 2025 7:20 PM

views 25

পশ্চিম কার্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শিল-বৰষুণৰ ফলত বিস্তৰ ক্ষতি

পশ্চিম কার্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি দিনৰ ভাগত হোৱা প্ৰচণ্ড শিল-বৰষুণৰ ফলত জিলাখনত বিস্তৰ ক্ষতি হয়। জিলাখনৰ চিংথং পৰিষদীয় সমষ্টিৰ নং এহ লুবৈত হোৱা এই শিল-বৰষুণৰ ফলত বিস্তীর্ণ অঞ্চলৰ কৃষি ভূমি নষ্ট হোৱাৰ লগতে কেইবাটাও বাসগৃহ ক্ষতি হয়। উল্লেখযোগ্য যে যোৱা ২৩ ফেব্ৰুৱাৰীত জিলাখনত শিল-বৰষুণৰ ফলত ক্ষতি হৈছিল।