July 3, 2025 1:46 PM

views 20

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলৰ পৰা অবৈধভাৱে কাঠ সৰবৰাহ কৰা দুখন বাহন জব্দ

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বনাঞ্চলৰ পৰা অবৈধভাৱে কাঠ সৰবৰাহ কৰা দুখন বাহন কালি বন বিভাগে জব্দ কৰে। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ অচিলা লৈ একাংশ লোকে অবৈধভাৱে এই কাঠখিনি সৰবৰাহৰ চেষ্টা কৰিছিল। বন বিভাগে লংকা অভিমুখে গৈ থকা অৱস্থাত কাঠ ভর্তি বাহন দুখন জব্দ কৰিবলৈ সমৰ্থ হয়।