December 23, 2025 11:48 AM

views 38

কাৰ্বি আংলঙত অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত প্রতিবাদ, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠনে চলাই থকা প্রতিবাদে কালি হিংসাত্মক ৰূপ ধাৰণ কৰে। একাংশ প্ৰতিবাদকাৰীয়ে কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰে আৰু বাসগৃহটো লণ্ডভণ্ড কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত তিনিজন প্ৰতিবাদকাৰী আহত হয়। আনহাতে প্ৰতিবাদকাৰীৰ আক্ৰমণত এজন আৰক্ষীৰ জোৱানো আহত হয...