December 30, 2025 10:41 AM

views 10

কাৰ্বি আংলঙৰ পি জি আৰ আৰু ভি জি আৰ ভূমি দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ বাবে জাননী জাৰি

কাৰ্বি আংলঙৰ পি জি আৰ আৰু ভি জি আৰ ভূমি দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ বাবে আজিৰেপৰা জাননী জাৰি কৰা হ'ব। ১৫ দিনৰ ভিতৰত ভূমি খালী নকৰাসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। যোৱা ২৬ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ সৈতে অনুষ্ঠিত ত্রিপাক্ষিক বৈঠক পাছত এই সিদ্ধান্ত গ্রহণ কৰা হয়। এই ভূমি দখলমুক্ত কৰাক লৈ কাৰ্বি পাহাৰত সৃষ্টি হোৱা প্রতিবাদমুখৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আন্দোলনকাৰী আৰু কাৰ্বিআংলং স্বায়ত্তশাস...