January 1, 2025 8:57 PM
10
কাৰ্বি আংলং জিলাৰ ডিফু ক্লাবৰ ৭২সংখ্যক প্ৰতিষ্ঠা দিৱসত বিশেষ কার্যসূচী
কাৰ্বি আংলং জিলাৰ ডিফু ক্লাবৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিশেষ কার্যসূচী গ্ৰহণ কৰা হয়। পুৱাৰ ভাগত ক্লাবৰ সভাপতি ৰবীন গোস্বামীয়ে পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে ৭২ বছৰ গৰকা ক্লাবটোৱে জিলাখনৰ সামাজিক-সাংস্কৃতিক দিশত উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। দিৱসৰ অংশ হিচাপে ডিফুৰ সমীপৰ লাংমিলি গাঁৱৰ বাসিন্দাসকলৰ মাজত ভাৱ-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। সন্ধিয়াৰ ভাগত ক্লাবৰ চৌহদত বন্তি প্ৰজ্বলন আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷