October 9, 2025 9:07 PM

views 20

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী তাপাত সীমান্তবাসীৰ মাজত সংঘৰ্ষ,  এজন নিহত

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী তাপাত অঞ্চলত আজি ধান কটাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ সীমান্তবাসী লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে খাচি লোকৰ চোকা অস্ত্ৰৰ আক্ৰমণত অৰিয়েল টিমুং নামৰ এজন লোকৰ মৃত্যু হোৱাৰ উপৰি ষ্টেনৱেল টিমুং নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়। সংঘৰ্ষৰ খবৰ পোৱাৰ লগে লগে অসম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰে। আৰক্ষীয়ে গুৰুতৰভাৱে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে হোজাইৰ এখন ব্যক্তি...