August 20, 2024 11:39 AM August 20, 2024 11:39 AM
10
কাৰ্বি আংলঙত প্ৰতিবাদ, সমদল, ধৰ্ণা কাৰ্যসূচীত বাধা আৰোপ জিলা প্ৰশাসনৰ
কাৰ্বি আংলং জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাৰ আশংকা কৰি জিলাখনৰ প্ৰশাসনে কেতবোৰ বাধা আৰোপ কৰি আদেশ জাৰি কৰিছে। সেই অনুযায়ী জিলাখনত যথা সময়ৰ বাবে কোনো দল সংগঠনে কোনো ধৰণৰ প্ৰতিবাদ, সমদল, ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব। জিলা প্ৰশাসন আৰু জিলা দণ্ডাধীশে সমগ্ৰ জিলাখনত তৎকালীনভাৱে বলৱৎ হোৱাকৈ কালি সন্ধিয়া এই আদেশ জাৰি কৰিছে।