January 21, 2026 12:36 PM

views 10

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ পিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ নির্দেশ কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ পিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ নির্দেশ দিছে। পৰিষদৰ ভূমি ৰাজহ বিভাগৰ সচিবৰ তৰফৰ পৰা জাৰি কৰা এটা নির্দেশত পৰৱৰ্তী ১৫ দিনৰ ভিতৰত পিজি আৰ ভূমি খালি কৰিবলৈ কোৱা হৈছে। খেৰণিৰ পি জি আৰ ভূমিত থকা ২৬৫ টা চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰবৰীক সেইঠাইৰ পৰা অন্য স্থানলৈ নির্দেশ দিয়া হৈছে।

January 13, 2026 5:33 PM

views 38

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ আজি ৮৯ সংখ্যক জন্ম দিন

পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ ৮৯ সংখ্যক জন্ম দিন উপলক্ষ্যে আজি ডিফুত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। ডিফু সাহিত্য সভাৰ উদ্যোগত আয়োজিত কার্যসূচীত ভালে সংখ্যক লোকে পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সাঁকো স্বৰূপ, ৰংমিলিৰ হাঁহিৰ শ্ৰষ্টা ৰংবং তেৰাঙৰ জন্মদিন উপলক্ষ্যে শুভেচ্ছা জনায়। জিলা আয়ুক্ত আৰন্য শ‍ইকীয়াই জন্মদিনত সাহিত্যিকগৰাকীক সাক্ষাৎ কৰি সু-স্বাস্থ্য কামনা কৰে।

December 25, 2025 9:07 PM

views 19

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি ক্রমাৎ স্বাভাবিক

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি ক্রমাৎ স্বাভাবিক হৈছে। আজিৰ দিনটোত অঞ্চলটোত কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অৱশ্যে অঞ্চলটোৰ প্ৰায় সংখ্যক ব্যৱসায়িক প্রতিষ্ঠান এতিয়াও বন্ধ হৈ আছে। সেনা-আৰক্ষীয়ে পৰিস্থিতি সুক্ষ্মভাবে নিৰীক্ষণ কৰি আছে। উল্লেখযোগ্য যে কাইলৈ প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্রিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে খেৰণি ফেলাংপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্রদায়ৰ সদস্যসকলক সাক্ষ...

December 23, 2025 9:42 PM

views 23

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতিৰ অধিক অৱনতি; আৰক্ষীৰ গুলীচালনাত আহত এজন লোকৰ মৃত্যু

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি আজি অধিক অৱনতি ঘটে। আৰক্ষীৰ গুলীচালনাত আজি আহত এজন লোকৰ বিয়লি চিকিৎসালয়ত মৃত্যু ঘটে। আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতাই জনোৱা মতে, খেৰণিৰ সমীপৰ থেলাংপিত আজি আন্দোলনকাৰী পক্ষৰ যথেষ্ট সংখ্যক লোক সমবেত হয় আৰু তেওঁলোকে ডংকামোকামলৈ বুলি শোভাযাত্ৰা উলিয়াই কপিলী দলঙৰ ওচৰ পায়। আৰক্ষীয়ে শোভাযাত্ৰাকাৰীসকলক খেদি পঠিয়াবলৈ চেষ্টা চলায়। আনহাতে, কপিলী দলঙৰ আনটো পাৰত আন্দোলন বিৰোধী পক্ষৰ একাংশ লোকে অৱস্থান কৰি থাকে। আৰক্ষীয়ে এই দলটোক তাৰ পৰা আঁতৰাই পঠিয়া...

December 23, 2025 7:35 PM

views 17

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ, আৰক্ষীৰ গুলীত আহত কেইবাজনো লোক

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত ৫ জনতকৈ অধিক লোকৰ সমাবেশ নিষিদ্ধ কৰা সত্বেও আজি ডংকামোকামৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীসকল ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। উত্তেজিত জনতাক ছত্রভংগ দিয়াবলৈ আজিও আৰক্ষীয়ে গুলীচালনা কৰাত এজন প্ৰতিবাদকাৰী আহত হয়। প্ৰতিবাদকাৰীৰ আক্ৰমণত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱা...

December 23, 2025 12:16 AM

views 43

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত সংঘটিত হিংসাত্মক ঘটনা নিশাৰ ভাগলৈও অব্যাহত

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত আজি সংঘটিত হিংসাত্মক ঘটনা নিশাৰ ভাগলৈও অব্যাহত আছে। প্ৰতিবাদকাৰীসকলে বিভিন্ন স্থানত দোকান-পোহাৰ জ্বলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আজি নিশাৰ ভিতৰতে বিষয়টো সমাধানৰ চেষ্টা কৰা হ'ব। পৰিস্থিতি নিৰীক্ষণৰ বাবে ঘটনাস্থলীলৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু ৰাওনা হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এটা উৰা বাতৰিক কেন্দ্ৰ কৰি স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছিল ৷ উল্লেখযোগ্য যে পি জি ...

November 25, 2025 12:47 PM

views 24

কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা অসম মন্ত্ৰীসভাৰ প্ৰস্তাৱক আদৰণি কাৰ্বি আংলঙৰ ৬ প্রাক্তন বিদ্রোহী সংগঠনৰ

■ অসম মন্ত্ৰীসভাই ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা প্ৰস্তাৱক কাৰ্বি আংলং জিলাৰ ছটা প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গই আদৰণি জনাইছে। কালি ডিফুত এখন সংবাদমেলত এই নেতাসকলে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে লগতে শান্তি চুক্তিৰ নিৰ্দিষ্ট দফা অনুসৰি ভৈয়ামৰ কাৰ্বিসকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবীও শীঘ্ৰে পূৰণ হ'ব বুলি আশা প্রকাশ কৰে। তেওঁলোকে কয়, যে ছটা বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ ৮০ শতাংশ ইতিমধ্যে পূৰণ হৈছে আৰু ২০ শতাংশ পৰৱৰ্তী চৰ...

October 28, 2025 6:56 PM

views 33

তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ অষ্টাদশ লাংখন উৎসৱ উদযাপন

পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং তিৱা সাংস্কৃতিক আঞ্চলিক সমিতিৰ উদ্যোগত আজি তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ অষ্টাদশ লাংখন উৎসৱ উদযাপন কৰা হয়। তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত লখিমীক আদৰা এই উৎসৱৰ লগত সংগতি ৰাখি সাতডাল লাংখন অর্থাৎ বাঁহেৰে সাতপুৰুষক শ্রদ্ধাঞ্জলি জনোৱা হয়। জিলাখনৰ তৰাডুবিৰ বৰঘাটত অনুষ্ঠিত এই উৎসৱৰ লগত সংগতি ৰাখি বহুকেইটা সাংস্কৃতিক দলে লাংখন নৃত্য প্রদর্শন কৰে।

October 16, 2025 12:32 PM

views 31

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান আদিবাসী কাৰ্বি, খিলঞ্জীয়া জনজাতিক ভূমিপট্টা বিতৰণৰ পদক্ষেপ গ্ৰহণ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত বাস কৰা প্ৰধান আদিবাসী কাৰ্বিকে ধৰি খিলঞ্জীয়া জনজাতিৰ লোকসকলক দ্বিতীয় পৰ্যায়ৰ পুথিমি আকেমাং আঁচনিৰ অধীনত বিনামূলীয়াকৈ ভূমি পট্টা বিতৰণ কৰিবলৈ পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই আঁচনিৰ অংশ হিচাপে পৰিষদীয় মুঠ ২৬ টা সমষ্টিত ভূমিপট্টাৰ পৰা বঞ্চিত জিলাখনৰ লোকসকলৰ মাজত বিনামূলীয়া ভূমিপট্টা বিতৰণৰ কাৰ্যসূচী আজি পৰিষদীয় বিথুং ৰেংথামা সমষ্টিৰ পৰা শুভাৰম্ভ কৰা হ'ব। অহা বছৰ ৩০ জানুৱাৰীত এই আঁচনিৰ...

October 8, 2025 8:41 PM

views 30

কাৰ্বি আংলং জিলাত শুকুৰবাৰে ৫ বছৰৰ বয়সৰ তলৰ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব

কাৰ্বি আংলং জিলাত পৰহিলৈ ৫ বছৰৰ বয়সৰ তলৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। জিলাখনত ৯০ হাজাৰতকৈ অধিক শিশুক সামৰি মুঠ ৬৫৪ টা পলিঅ' বুথত এই খোৰাক দিবৰ বাবে ২ হেজাৰ ৫৬০ গৰাকী কৰ্মী নিয়োজিত কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত আয়োজিত জিলা টাস্ক ফোৰ্চৰ সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সচিব ৰাজেশন টেৰাঙে এই কথা সদৰি কৰে। তেওঁ কয়, যে আমাৰ দেশত পলিঅ' ৰোগ সম্পূৰ্ণ শেষ হোৱা নাই। সেয়ে উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক অভিযান আৰম্ভ কৰিব লগা হৈছে। সভাত উপস্থিত থকা শিক্ষা বিভাগ ...