December 12, 2024 12:04 PM
10
কিংবদন্তি চলচ্চিত্র নির্মাতা তথা অভিনেতা ৰাজ কাপুৰৰ পৰিয়ালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ডিচেম্বৰত উদযাপন কৰিবলগীয়া কিংবদন্তি চলচ্চিত্র নির্মাতা তথা অভিনেতা ৰাজ কাপুৰৰ জন্ম শতবাৰ্ষিকীৰ পূৰ্বে কালি নতুন দিল্লীত তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে। সাক্ষাৎকালত শ্রীমোদীয়ে প্ৰসিদ্ধ অভিনেতাগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ স্মৰণ কৰে। প্ৰয়াত কাপুৰৰ পৰিয়ালে অভিনেতাগৰাকীৰ স্মৃতিত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ দেশৰ ৪০খন চহৰত আয়োজিত ৰাজ কাপুৰ চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰধানমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায়। শ্রীমোদীয়ে সাক্ষাৎকালত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অৱদান...