November 8, 2025 1:23 PM
61
গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ
ৰাজ্যত কাৰিকৰী শিক্ষাৰ দিশত যুগান্তকাৰী ব্যৱস্থা হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্রথমখন বিশ্ববিদ্যালয় হ'ব। ৭৩১ বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত দুহেজাৰ গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, এহেজাৰ ৬২০ গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, ৭২টা আবাসিক ভৱন, অতিথিশালা তথ...