November 7, 2025 11:19 AM

views 76

গহপুৰত কাইলৈ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কাইলৈ গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এই বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হ'বলগীয়া অমৃত কলহ কঢ়িয়াই নিয়া বাহনৰ শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা ২৭০টা অমৃত কলহ গহপুৰলৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে ‘মোৰ মাটি, মোৰ দেশ” কাৰ্যসূচীৰ অংশ হিচাপে ২০২৩ বৰ্ষৰ ২০ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত অমৃত কলহ যাত্ৰাৰ ৰূপায়ণ কৰি...