September 27, 2024 1:00 PM

views 18

কামৰূপ মহানগৰ জিলাৰ চৰকাৰী, প্ৰাদেশিকীকৃত, ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ নিয়া বেগসমূহ তালাচী চলোৱাৰ নিৰ্দেশ

ৰাজ্যখনৰ এখন বিদ্যালয়ত অলপতে এজন ছাত্রক একেখন বিদ্যালয়ৰ ছাত্ৰই আক্ৰমণ কৰি হত্যা কৰা বুলি উঠা অভিযোগৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিভিন্ন চৰকাৰী, প্ৰাদেশীকিকৃত অথবা ব্যক্তিগত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ নিয়া বেগসমূহ তালাচী চলাবলৈ নিৰ্দেশ দিয়া হৈছে। পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ বেগসমূহ পৰীক্ষা কৰি তাত চোকা অস্ত্র, অস্ত্র-শস্ত্র, মাদকদ্রব্য, গুটখা, ধঁপাত, চিগাৰেট আদি সামগ্রী জব্দ হোৱা মাত্ৰেই ব্যৱস্থা ল'বলৈ কোৱা হৈছে। এনে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকক ততালিকে অৱগ...