November 11, 2024 6:43 PM November 11, 2024 6:43 PM

views 4

কামৰূপ মহানগৰত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান, ১৬০গৰাকী পৰ্যৱেক্ষক নিয়োগ

কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে কামৰূপ মহানগৰতো কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান চলি আছে। এই অভিযানৰ বাবে জিলাখনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৭৯০টা দল আৰু ১৬০ গৰাকী পৰ্যৱেক্ষকক নিয়োগ কৰা হৈছে। প্ৰতিটো দলত এগৰাকী আশাকৰ্মী আৰু এগৰাকী প্রশিক্ষণপ্রাপ্ত স্বাস্থ্যকর্মী নিয়োগ কৰা হৈছে। স্বাস্থ্য বিভাগে সকলো চৰকাৰী চিকিৎ‍সালয়তে এই ৰোগৰ ঔষধ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা কুষ্ঠ কোষ, মাণ্ডলিক কুষ্ঠ বিষয়াৰ সৌজন্যত তথা কামৰূপ মহানগৰ জিলাৰ তত্ত্বাৱধানত ...