November 20, 2025 7:14 PM

views 31

কামৰূপ মহানগৰ জিলাত নিউম’নিয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ

কামৰূপ মহানগৰ জিলাত আজি নিউম’নিয়া ৰোগ সন্দৰ্ভত সামাজিক সজাগতা আৰু পদক্ষেপ বিষয়ক অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া লখিমী দত্তই এই অভিযান মুকলি কৰে। উল্লেখযোগে যে নিউম’নিয়াৰ দৰে গুৰুতৰ ৰোগত আমাৰ দেশৰ ৫ বছৰৰ তলৰ বহু শিশু আক্ৰান্ত হোৱাৰ লগতে এই ৰোগত ভালেসংখ্যকৰ মৃত্যু হয়। সেয়েহে এই ৰোগ নিৰ্মূল কৰিবলৈ সামাজিক সজাগতা আৰু পদক্ষেপৰ অতি প্রয়োজন। এই উদ্দেশ্যে আজিৰ পৰা অহা বৰ্ষৰ ২৮...

August 21, 2025 7:11 PM

views 32

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত তথা বেচৰকাৰী সামাজিক অনুষ্ঠান কোছেডাৰ সহযোগত আজি কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ৯১গৰাকী স্বেচ্ছাসেৱকৰ লগতে কামৰূপ মহানগৰ, দৰং, গোৱালপাৰা আৰু নলবাৰী জিলাৰ ৪ শতাধিক স্বেচ্ছাসেৱকক নিচামুক্ত অভিযানৰ অধীনত বিশেষ প্রশিক্ষণ দিয়া হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত এই কাৰ্যসূচীত ডাঃ অংশুমান কলিতা আৰু ডাঃ সন্দীপ হান্সে অংশগ্রহণ কৰে। তেওঁলোকে মাদক দ্ৰৱ্যই সমাজ...

July 27, 2025 8:33 PM

views 23

কামৰূপ জিলাৰ বকো-লাংপি সংযোগী পথটো লংতুৰি পাহাৰ অঞ্চলত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে

কামৰূপ জিলাৰ বকো-ছয়গাওঁ সমষ্টিৰ বকো-লাংপি সংযোগী পথটো লংতুৰি পাহাৰ অঞ্চলত যোৱা নিশাৰে পৰা হোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে। অঞ্চলটোত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ মাটি আৰু বৃহৎ আকাৰৰ শিল বাগৰি পৰাত পথটো বন্ধ হৈ পৰে। পথটো বন্ধ হোৱাৰ ফলত কাষৰীয়া জনজাতীয় অঞ্চলৰ ৰাইজ অসুবিধাৰ সন্মুখীন হৈছে। লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অঞ্চলটো পৰিদৰ্শন কৰি অহা ২-৩ দিনৰ ভিতৰত যাতায়তৰ বাবে সূচল কৰিব পৰা হ'ব বুলি প্ৰকাশ কৰিছে।

June 19, 2025 12:32 PM

views 22

কামৰূপ জিলাৰ অংগনৱাড়ী কর্মীলৈ স্মার্ট ফোন বিতৰণ

■ কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি অংগনৱাড়ী কর্মীলৈ স্মার্ট ফোন বিতৰণৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমিনগাঁৱত অৱস্থিত গুৱাহাটী বায়’টেক পাৰ্কত হ'বলগীয়া এই অনুষ্ঠানত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

June 15, 2025 1:45 PM

views 32

উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ প্ৰাঙ্গনত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কাউন্ট ডাউন কার্যসূচী অনুষ্ঠিত

ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম, কামৰূপ জিলা প্রশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ প্ৰাঙ্গনত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কাউন্ট ডাউন কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত আৰ্ট অৱ লিভিঙে সহযোগ কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্র মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে কেবাখনো বিদ্যালয়ৰ ৪০০ ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্রহণ কৰে।

April 9, 2025 3:54 PM

views 29

কামৰূপ জিলাৰ সকলো মীন ক্ষেত্ৰ আৰু প্ৰাকৃতিক জলাশয়ত মাছ ধৰাৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ কেতবোৰ নিষেধাজ্ঞা

● মাছৰ প্ৰাকৃতিক প্ৰজনন আৰু বংশবৃদ্ধি নিশ্চিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই জিলাখনৰ সকলো মীন ক্ষেত্ৰ আৰু প্ৰাকৃতিক জলাশয়ত তৎকালে প্রযোজ্য হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি অহা ১৫ জুলাই পর্যন্ত মাছৰ প্ৰজনন ঋতুৰ সময়ছোৱাত বেজাল, মহাজাল, ফাঁচিজাল বা অন্যান্য প্ৰকাৰৰ জাল ব্যৱহাৰ কৰি মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এক বা দুই ছেণ্টিমিটাৰতকৈ কম পাহৰ জালেৰে সমগ্ৰ বছৰজুৰি মাছমৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে এপ্ৰিলৰ পৰা ৩১ জুলাইৰ সময়ছো...

March 23, 2025 6:45 PM

views 26

কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত উৱলি যোৱা বন্যহস্তীৰ এটা মৃতদেহ উদ্ধাৰ কৰা হয়। পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী ৰেঞ্জৰ অন্তৰ্গত দেওপাহাৰত উদ্ধাৰ কৰা মৃত বন্যহস্তীটো চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। বন বিভাগে মেঘালয়ৰ চোৰাং চিকাৰীয়ে এমাহ পূর্বে হাতীটো হত্যা কৰি দাঁত, শুঁৰ, মঙহ আদি কাটি লৈ যোৱাৰ সন্দেহ কৰিছে। ঘটনাস্থলীত ৰাণী বনাঞ্চলিক বিষয়া ৰজী বর্মনসহ বনকৰ্মীৰ দল, পশু চিকিৎসকব দল আৰু স্থানীয় লোকৰ উপস্থিতিত মৃতদেহটোৰ অৱশিষ্ট জ্বলাই দিয়া হয়।

November 24, 2024 7:01 PM

views 55

ঐতিহ্যমণ্ডিত কানাই বৰশী বোৱা শিলালিপিৰ উপযুক্ত সংৰক্ষণৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ  ব্যৱস্থা

উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কানাই বৰশী বোৱা শিলালিপিৰ উপযুক্ত সংৰক্ষণৰ বাবে কামৰূপ জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ বিভাগে কানাই বৰশী বোৱা শিলালিপি প্ৰাংগণক পর্যটন কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই বিশ্ব ঐতিহ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অহা দুবছৰৰ ভিতৰত উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপি ক্ষেত্ৰখনক পৰ্যটকৰ বাবে আকৰ্ষণীয় ৰূপত সজাই তোলা হ'ব বুলি আশ্বাস প্রদান কৰে ।