June 24, 2025 12:26 PM

views 31

অম্বুবাচী মহাযোগৰ তৃতীয় দিনাও উখল-মাখল পৰিৱেশ

● গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে। পুৱাৰে পৰা সাধু-সন্ন্যাসী আৰু ভালে সংখ্যক লোকৰ শক্তিপীঠ কামাখ্যালৈ আগমন ঘটিছে। ইয়াৰোপৰি দুদিন পূৰ্বে কামাখ্যা ধামত উপস্থিত হোৱা দেশী-বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিবস্থলীত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পর্যটন মন্ত্ৰী ৰণজিৎ কু...

June 22, 2025 11:21 AM

views 23

গুৱাহাটীৰ শক্তিপীঠ কামাখ্যা মন্দিৰত আজিৰে পৰা অম্বুবাচী মহাযোগ

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। আজি বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। পুনৰ ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। ইতিমধ্যে দেশী-বিদেশী ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই...

June 21, 2025 6:33 PM

views 18

শক্তিপীঠ কামাখ্যা মন্দিৰত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। কাইলৈ বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। পুনৰ ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। ইতিমধ্যে দেশী-বিদেশী ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক...