June 24, 2024 11:57 AM

views 25

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ অব্যাহত আছে। অম্বুবাচী  মেলাৰ আজি তৃতীয় দিনাও বিভিন্ন বেশ-ভূষাৰ সাধু, সন্ন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। কামাখ্যা মন্দিৰৰ দলৈ কবিন্দ প্ৰসাদ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কালি বন্ধৰ দিন হোৱা বাবে ভক্তৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি হয়। অম্বুবাচী মেলা পৰিচালনা সমিতি আৰু আৰক্ষী প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়মসমূহ সকলোকে মানি চলিবলৈ তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে পৰহিলৈ দেৱীক পৰম...

June 21, 2024 12:51 PM

views 11

কাইলৈৰপৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰপৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কাইলৈ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্ৰকাশ কৰা মতে আজিৰেপৰা ৩০ জুনলৈ...

June 20, 2024 11:51 AM

views 29

২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি; কামাখ্যাত অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

শক্তিপীঠ কামাখ্যা ধামত পৰহিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে অসম চৰকাৰ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে পৰহি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্রকাশ কৰা মতে কাইলৈৰ পৰা ৩০ জুনলৈ...