June 24, 2024 11:57 AM June 24, 2024 11:57 AM
12
অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ
অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ অব্যাহত আছে। অম্বুবাচী মেলাৰ আজি তৃতীয় দিনাও বিভিন্ন বেশ-ভূষাৰ সাধু, সন্ন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। কামাখ্যা মন্দিৰৰ দলৈ কবিন্দ প্ৰসাদ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কালি বন্ধৰ দিন হোৱা বাবে ভক্তৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি হয়। অম্বুবাচী মেলা পৰিচালনা সমিতি আৰু আৰক্ষী প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়মসমূহ সকলোকে মানি চলিবলৈ তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে পৰহিলৈ দেৱীক পৰম...