December 20, 2025 6:43 PM

views 19

২০ দিনীয়া অচলাৱস্থাৰ অন্তত অসম সমবায় মৰাপাট কলত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ

কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটত ২০ দিনীয়া অচলাৱস্থাৰ অন্তত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ হ'ব। চনু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী শশী প্রকাশ পুৰোহিতক মৰাপাট কল পৰিচালনাৰ দায়িত্ব অর্পণ কৰা হৈছে। মৰাপাট যোগানকাৰীৰ সৈতে হোৱা বৈঠকত দ্বিতীয় গোটটোৰ উৎপাদন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

February 10, 2025 1:34 PM

views 15

কাইলৈৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজন

কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কাইলৈৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তই এই গ্রন্থমেলা উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। অনুষ্ঠানত সাহিত্যিক উপেন বৰকটকী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।