October 29, 2025 11:40 AM

views 48

কলিয়াবৰৰ শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ

খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কলিয়াবৰৰ শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ থকা এটা গঁড়ৰ মৃতদেহ আজি পুৱা উদ্ধাৰ কৰা হয়। কলিয়াবৰ চাহ বাগিচাৰ কাষত আজি পুৱা স্থানীয় লোকে গঁড়টোৰ মৃতদেহ প্রত্যক্ষ কৰে। শিলঘাটৰ বন বিভাগৰ কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তদন্তত বাঘৰ আক্ৰমণৰ বাবে ওখ ঠাইৰ পৰা তলত পৰি যোৱাৰ ফলত গঁড়টোৰ মৃত্যু হোৱা বুলি বন বিভাগে সন্দেহ কৰিছে। পশু চিকিৎসকৰ পৰীক্ষাৰ পাছতহে সবিশেষ তথ্য পোহৰলৈ আহিব বুলি বন বিভাগৰ সূত...