October 30, 2024 8:36 PM

views 23

কালী পূজা-দীপাৱলী উপলক্ষে জনসাধাৰণৰ ব্যাপক উৎসাহ, প্রদূষণ নিয়ন্ত্রণ ব’র্ডৰ সেউজ দীপাৱলী উদযাপনৰ আহ্বান

কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে বিক্রেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাট-পথসমূহো আলোকমালাৰে সজ্জিত কৰি তোলা হৈছে। মৃৎশিল্পীসকলে প্ৰস্তুত কৰা মাটিৰ চাকিৰে বজাৰসমূহ ভৰি পৰিছে। ইয়াৰ লগতে বিভিন্ন বিজুলী বাতি তথা অন্যান্য প্রয়োজনীয় পূজাৰ উপকৰণ আৰু সা-সামগ্ৰীৰে দোকানসমূহ সজাই তোলা হৈছে। বাসগৃহসমূহো আটক ধুনীয়া...

October 30, 2024 12:20 PM

views 6

কালী পূজা-দীপাৱলীলৈ মাজত মাথোঁ কেইটামান ঘণ্টা, সেউজ দীপাৱলী উদযাপনৰ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ

কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান ঘণ্টা। দেশজুৰি উৎসাহ-উদ্দীপনাৰে এই উৎসৱ উদযাপন কৰা হ'ব। ইতিমধ্যে দোকান-পোহাৰসমূহ মাটিৰ চাকিৰ লগতে বিভিন্ন বিজুলী বাতি তথা অন্যান্য প্রয়োজনীয় পূজাৰ উপকৰণ আৰু সা-সামগ্ৰীৰে সজাই তোলা হৈছে আৰু গ্ৰাহকেৰে বজাৰসমূহ ঠাহ খাই পৰিছে। সমান্তৰালকৈ কালী পূজাৰ বাবে বিভিন্ন মন্দিৰসমূহত ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। ইপিনে, প্ৰদূষণ নিয়ন্ত্রণ ব’র্ডে সকলোকে সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছে।