September 11, 2024 8:23 PM

views 44

অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২৫ চেপ্তেম্বৰলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি সুৰানীতি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২৫ চেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ কলিযোৱাৰ পাছত দিল্লীত তিহাৰ কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে মুখ্যমন্ত্ৰী কেজৰিৱালক ৰাউজ এৱিনিউ আদালতত হাজিৰ কৰোৱা হয়। চিবিআইয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত ৰাউজ এৱিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাৱেৰী বাৱেজাই মুখ্যমন্ত্ৰী কেজৰিৱালক আজি আদালতত উপস্থিত হোৱ...