August 7, 2025 12:10 PM
23
কৈলাশ মানসৰোৱৰ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দলক আৰু আগনবঢ়াৰ বাবে কৰ্তৃপক্ষৰ নিৰ্দেশ
উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ ধৰচুলা বেচ কেম্পত কৈলাশ মানসৰোৱৰ তীৰ্থযাত্ৰীৰ চতুৰ্থটো দলক আৰু আগনবঢ়াৰ বাবে কৰ্তৃপক্ষই নিৰ্দেশ দিছে। প্ৰতিকুল বতৰৰ বাবে অধিক উচ্চতাৰ এটা পথত গধুৰ শিল বাগৰি পৰাৰ পাছত কৰ্তৃপক্ষই এই নিৰ্দেশ জাৰি কৰিছে। তীৰ্থযাত্ৰীৰ এই দলত দেশৰ বিভিন্ন প্ৰান্তৰ ১৪ গৰাকী মহিলাকে ধৰি মুঠ ৪৮ গৰাকী তীৰ্থযাত্ৰী আছে। তেওঁলোক কালি গুঞ্জী গৈ পোৱাৰ আশা আছিল আৰু দুটা ৰাতি জিৰণি লোৱাৰ পাছত লিপুলেহ পাৰ হৈ কৈলাশ মানসৰোৱৰ অভিমুখে আগবঢ়াৰ কথা আছিল। উল্লেখযোগ্য, যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত জুন...