October 30, 2024 8:15 PM

views 19

আই চি চি পুৰুষৰ টেষ্ট বলিং ৰেংকিঙৰ শীৰ্ষ স্থানত দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিচ’ ৰাবাডা

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিচ' ৰাবাডাই আই চি চি পুৰুষৰ টেষ্ট বলিং ৰেংকিঙত পুনৰ শীৰ্ষ স্থান দখল কৰিছে। তেওঁ জচ হেজলউড, যশপ্রীত বুমৰাহ আৰু ৰবিচন্দ্ৰন অশ্বীনক অতিক্ৰম কৰি শীৰ্ষস্থান লাভ কৰে। ইয়াৰ উপৰি ২৯ বছৰীয়া খেলুৱৈগৰাকীয়ে ৩০০ টা টেষ্ট উইকেট দখল কৰা দক্ষিণ আফ্ৰিকাৰ দ্ৰুততম বলাৰ হিচাপেও পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ৰাবাডাই ২০১৮ বৰ্ষৰ জানুৱাৰীত শীর্ষস্থান দখল কৰিছিল।