May 7, 2025 8:14 PM May 7, 2025 8:14 PM

views 5

কাছাৰৰ শালচাপৰাৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক

কাছাৰ আৰক্ষীয়ে আজি জিলাখনৰ শালচাপৰা অঞ্চলৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। গোপন সূত্ৰৰ ভিত্তিত কালি বিয়লি আৰক্ষীয়ে অভিযান আৰম্ভ কৰি অঞ্চলটোত এখন চাৰিচকীয়া বাহনত তালাচী চলায়। বাহনখনৰ পৰা ৮৪৭ গ্রাম হেৰ'ইন আৰু ৪ কিলোগ্ৰামৰো অধিক আফিং জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। কাছাৰ জিলা আৰক্ষীৰ অধীক্ষক নোমল মাহাট্টাই আমাৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰা মতে নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় চাৰে চাৰি কোটি টকা। মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা এই মাদকদ্রব্যসমূহ অনা হৈছিল বুলি ...