September 16, 2025 7:51 PM

views 16

কাছাৰত পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক

কাছাৰ জিলাত আজি পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক কৰা হৈছে। কাছাৰ আৰক্ষীয়ে শিলচৰৰ তাৰাপুৰ কালিবাৰী ৰোড এলেকাৰ পৰা মহিলা আৰু শিশুসহ ৰোহিংগীয়া লোককেইজনক আটক কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে হায়দাবাদৰ পৰা বিতাড়িত ৰোহিংগীয়াৰ দলটোৱে শিলচৰত ভাৰাঘৰৰ সন্ধান কৰিছিল। দলটোৰ সন্দেহজনক আচৰণৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে দিয়া খবৰৰ ভিত্তিত আৰক্ষীয়ে লোককেইজনক আটক কৰিবলৈ সমৰ্থ হয়। আদালতৰ নিৰ্দেশত আজি আটক কৰা লোককেইজনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়৷

August 5, 2025 8:08 PM

views 21

কাছাৰৰ দুটা স্থানত প্ৰায় ৭ কোটি টকাৰ মাদকদ্ৰব্য উদ্ধাৰ

কাছাৰ জিলা আৰক্ষীয়ে চোৰাংচোৱা সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই জিলাখনৰ দুটা স্থানত প্ৰায় ৭ কোটি টকাৰ মাদকদ্ৰব্য উদ্ধাৰ কৰাৰ লগতে ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। শিলচৰ থানাৰ অন্তৰ্গত সোণাবাৰীঘাট অঞ্চলত চলোৱা প্ৰথমটো অভিযানত আৰক্ষীয়ে ১৮ টা চাবোনৰ বাকচত সৰবৰাহকাৰীয়ে লুকুৱাই ৰখা প্ৰায় ২১৬ গ্ৰাম হেৰ’ইন জব্দ কৰে। লক্ষীপুৰ থানাৰ অন্তৰ্গত মাৰ্খুলিন অঞ্চলত চলোৱা দ্বিতীয়টো অভিযানত ২০ হাজাৰটা নিচাযুক্ত টেবলেট জব্দ কৰা হয়। এই অভিযান কালত আৰক্ষীয়ে দুখন বাহনো জব্দ কৰে। ঘটনা সংক্ৰান্তত ৫ জন লোকক গ্ৰেপ্তাৰ ...

July 23, 2025 6:59 PM

views 11

কাছাৰ জিলাৰ গুমৰাৰ সমীপৰ এখন নৈত সৌভিক সৰকাৰ নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

কাছাৰ জিলাৰ গুমৰাৰ সমীপৰ এখন নৈত আজি সৌভিক সৰকাৰ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে সৰকাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে।

June 19, 2025 11:41 AM

views 14

কাছাৰ জিলাৰ কালাইন-শিলচৰ পথৰ হাৰং নদীৰ দলংখন ভাগি পৰাত বৰাক উপত্যকাৰ সৈতে যোগাযোগ বিচ্ছিন্ন

■ কাছাৰ জিলাৰ কালাইন-শিলচৰ পথৰ ভাংগাৰপাৰৰ হাৰং নদীৰ ওপৰৰ দলংখন যোৱা মঙলবাৰে নিশা ভাগি পৰাত ৰাজ্যৰ অন্যান্য অংশৰ সৈতে বৰাক উপত্যকাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। কালাইন-শিলচৰ পথৰ অন্যতম গুৰুত্বপূর্ণ সংযোগী দলংখনত নিশা দুখন অতিৰিক্ত বোজাই কৰা ট্রাক পাৰ হৈ যোৱাৰ সময়তে ভাগি পৰে। এই দলংখন ভাগি পৰাৰ ফলত গুৱাহাটীৰ পৰা শিলচৰ, হাইলাকান্দি, শ্রীভূমি, ত্ৰিপুৰা আৰু মিজোৰামলৈ পথৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। এই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্রেই কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পর্যবে...

May 27, 2025 11:43 AM

views 18

কাছাৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, মাদক দ্রব্যসহ যুৱকক গ্ৰেপ্তাৰ

◆ কাছাৰ আৰক্ষী আৰু আছাম ৰাইফলছে যোৱা নিশা অভিযান চলাই জিলাখনৰ পূব ধলাইৰ মোহনখাল, ৰাম মানিকপুৰ গাঁও পঞ্চায়তৰ স্মিথ নগৰ বনগাঁৱৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু মাদক দ্রব্যসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজনৰ পৰা ৫৬টা চাবোনৰ বাকচত ৬৪৮ গ্রাম হেৰ'ইন উদ্ধাৰ কৰা হয়। এই হেৰ’ইনখিনিৰ বজাৰ মূল্য প্রায় ৩.৫০ কোটি হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। লোকজনৰ পৰা এটা পিষ্টল, দুটা মেগজিন আৰু ১৯টা গুলী জব্দ কৰা হয়। ধৃত লোকজন লক্ষীপুৰ থানা এলেকাৰ দিলকুচ গ্রাণ্টৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

August 21, 2024 12:01 PM

views 20

কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কাইলৈ কাছাৰত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজনত অংশগ্ৰহণ কৰিব। বৰাক নদীৰ দলংখনে সোণাই আৰু লক্ষীপুৰ চহৰ সৈতে শিলচৰ চহৰৰ সংযোগ স্থাপন কৰিব। এই দলং নিৰ্মাণৰ ফলত ৰূপাইবালি, ছিঙাৰবন্দ, বিন্নাকান্দি, চটামামদা, গোবিন্দপুৰ, আলগাপুৰ আৰু বাগপুৰৰ পৰা শিলচৰলৈ ২৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস পাব। ৩৪০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণৰ বাবে ৮৭ কোটি টকাৰ অনুমোদন দিয়া হৈছে। দলংখনৰ নিৰ্মাণে ন্যূনতম মূল্যত বিভিন্ন সামগ্ৰীৰ পৰিবহণ আৰু বিপণ...