December 29, 2024 8:49 PM December 29, 2024 8:49 PM

views 7

কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিন কবিতাৰ দিন হিচাপে পালন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্ৰতিক সময়তো জনমানসক আলোড়িত কৰে। আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দৰ্য, মৃত্যু ৰহস্য আৰু প্ৰেমৰ অনন্য ৰূপ প্ৰতিভাত হৈছে। হেৰ অৰণ্য, হে মহানগৰ, ৰত্নাকৰ, এটি দুটি এঘাৰটি তৰাকে ধৰি কেইবাখনো কাব্য সংকলন ৰচনা কৰা বৰুৱাৰ ককাদেউতাৰ হাড় উপন্যাসখনে ১৯৭৫ চনত সাহ...