January 7, 2026 8:18 PM January 7, 2026 8:18 PM

views 4

প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান; মুখ্যমন্ত্ৰীৰ লগতে বিভিন্নজনৰ শোকপ্ৰকাশ

প্রাক্তন কেন্দ্রীয় মন্ত্রী কবিন্দ্ৰ পুৰকায়স্থৰ আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। ৯৫ বছৰ বয়সত মৃত্যু হোৱা প্ৰয়াত পুৰকায়স্থ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ১৯৩১ চনৰ ১৫ ডিচেম্বৰত অবিভক্ত অসমৰ শ্ৰীহট্ট জিলাৰ কমাৰশালত জন্মগ্ৰহণ কৰা পুৰকায়স্থৰ পৰিয়ালে পৰৱৰ্তী কালত কাছাৰ জিলাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। যুৱ অৱস্থাতে তেতিয়াৰ ভাৰতীয় জনসংঘত যোগদান কৰা কবিন্দ্ৰ পুৰকায়স্থই বৰাক উপত্যকাতে নহয় সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ ...