March 17, 2025 1:36 PM March 17, 2025 1:36 PM
4
ইংলেণ্ডত আজিৰে পৰা কাবাডী বিশ্বকাপ ২০২৫; ইটালীৰ বিৰুদ্ধে আজি ভাৰতীয় পুৰুষ দলৰ মেচ
কাবাডী বিশ্বকাপ ২০২৫ আজি ইংলেণ্ডত আৰম্ভ হ'ব। ইটালীৰ বিৰুদ্ধে ভাৰতীয় পুৰুষৰ দলটোৱে উলভাৰহেম্পটনত আজি অভিযান আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে পাঁচ বজাৰ পৰা খেলখন আৰম্ভ হ'ব। সাত দিনীয়া এই প্রতিযোগীতাখনত ৬০খনতকৈও অধিক খেল অনুষ্ঠিত হ'ব। পুৰুষ শাখাৰ প্ৰতিযোগিতাৰ বাবে ১০টা দলক গ্রুপ এ আৰু গ্ৰুপ বি হিচাপে বিভক্ত কৰি দিয়া হৈছে। ভাৰতীয় দলটোৱে ইটালী, স্কটলেণ্ড, ৱেলছ আৰু চীনৰ সৈতে গ্রুপ বিত প্রতিদ্বন্দ্বিতা কৰিব। আনহাতে, মহিলা শাখাত মুঠ ছটা দলে অংশগ্রহণ কৰিব। ভাৰতৰ মহিলা দলটোৱে গ্ৰুপ ডিত ৱে...